Show/Hide Keyboard Layout

কুৰুৱা বতাহে

- বিষ্ণুপ্ৰসাদ ৰাভা

কুৰুৱা বতাহে অ’

জোৰকৈ বলিলে অ’

চিঞৰি মাতিলে অ’ ঊষা

অ’ ঊষা অ’ ঊষা অ’

পুৱতি নিশাৰে অ’

তৰাৰে চাকিৰে

শলিতা এদালি নিজানতে জ্বলি

ঢিমিকি ঢিমিকি খীণকৈ জিলিকি

মেলানি মাগিলে অ’ ঊষা

বৰনৈ বালিতে অ’

চৰাই উলাহতে

উমলি উমলি জোকাৰি উৰুলি

নামকে হৰিলে অ’ ঊষা

অ’ ঊষা অ’ ঊষা অ’ ।।

Hits: 1741